মৰাণত দবা প্ৰশিক্ষণ কৰ্মশালা সমাৰণি

 07/28/2019 - 21:00

মৰাণঃ তৈল নগৰী মৰাণ নগৰত Friends Forever Group ৰ উদ্যোগত আৰু মৰাণবাসীৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে ২৪ জুলাই পৰা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা বিনামূলীয়া দবা প্ৰশিক্ষণ কৰ্মশালা আজি সামৰণি পৰে৷

দবা খেলৰ এই বিনামূলীয়া কৰ্মশালাটি ছাত্ৰ-ছাত্ৰীসকলক প্ৰাক্তন নৰ্থ-ইষ্ট আৰু অসম চেম্পিয়নৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰে৷ আজি এই সামৰণি অনুষ্ঠানটো বিশেষজ্ঞ খেলুৱৈৰ দ্বাৰা চকু বান্ধি দবা খেল প্ৰদৰ্শন কৰি অনুষ্ঠানটি উপস্থিত থকা বিভিন্ন প্ৰান্তৰ ৰাইজক আকৰ্ষণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।