07/29/2019 - 14:13
in
বঙাইগাঁওঃ মানাহ নদীৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ছাদিয়া বেগম নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে।
মৰিগাঁও জিলাৰ জাগীৰোডস্থিত শ্বহীদ লক্ষী ডেকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা জালাল উদ্দিনৰ কন্যা ছাদিয়া বেগম পৰিয়ালৰ সৈতে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত কোশ্বামাৰী গাঁৱত দেওবাৰে বিয়লি বিবাহ খাবলৈ গৈ ওচৰতে থকা মানাহ নদীত পৰি সলিল সমাধি ঘটে।
অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।