চামগুৰিঃ বছৰটোৰ প্ৰথমটো ভৰ বাৰিষাতে শোচনীয় অৱস্থা হৈ পৰিছে ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু পথ। অনুৰূপ ধৰণেৰে দুৰৱস্থা এতিয়া নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ একাধিক বাট-পথ। চামগুৰিৰ ২নং খলিহামাৰিৰ মাজেৰে পাৰহৈ যোৱা মূল পথটোৰ দুৰৱস্থাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ ৰাইজে। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফুটব্ৰীজ পৰ্য্যন্ত সুদীৰ্ঘ পথছোৱাৰ বহু অংশত সৃষ্টি হৈছে বৃহৎ আকাৰৰ গাঁত আৰু বোকাময় পৰিবেশৰ।
অঞ্চলটোলৈ জৰুৰীকালিনভাবে এম্বুলেঞ্চ তথা বিভিন্ন যাৱতীয় সা-সামগ্ৰী অনা-নিয়া কৰাৰ ক্ষেত্ৰতো নিতৌ জীয়াতু ভুগিছে ৰাইজে। ক্ষুব্ধ ৰাইজে অতিষ্ঠ হৈ পথছোৱাৰ ওপৰতে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। সমবেত প্ৰায় শতাধিক ভুক্তভোগী স্থানীয় লোকে পথাৰসদৃশ পথছোৱাৰ ওপৰত ভূঁই ৰুই তেওঁলোকৰ চৰম অসন্তুষ্টিৰ বহিঃপ্ৰকাশ কৰা দেখা যায় ২নং খলিহামাৰিত। কিন্তু ইয়াৰ বিপৰীতে ৰাইজৰ দুৰ্দশা আৰু কেইবাটাও মাহৰ পূৰ্বে নিৰ্মাণ কৰা পথছোৱাৰ বিসংগতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই একাংশ বিজেপিৰ নেতাই প্ৰতিবাদকাৰীসকলক ধমক তথা ভাবুকি প্ৰদান কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে খোদ একে দলৰে আন একাংশ বিজেপিৰ নেতা-কৰ্মীয়ে।
ইফালে কেইবা লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে শিল আৰু মাটিৰে কেইমাহমানৰ পূৰ্বে গাঁৱলীয়া সুদীৰ্ঘ পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল যদিও তাক লৈও চূড়ান্তভাবে অসন্তুষ্ট এতিয়া স্থানীয় ৰাইজৰ লগতে গাঁওখনৰে কেইবাজনো তৃণমূল পৰ্য্যায়ৰ বিজেপিৰ নেতা-কৰ্মী। অৱশেষত ২নং খলিহামাৰিৰ দুৰ্দশাগ্ৰস্ত পথছোৱা সুচল কৰি তুলিবলৈ প্ৰতিবাদস্থলিত উপস্থিত হৈ বিজেপিৰ কেইবাজনো তৃণমূল নেতা-কৰ্মীসহ অতিষ্ঠ ৰাইজে প্ৰতিবাদী শ্ল'গানৰ জৰিয়তে আহ্বান জনাইছে শাসনাধিস্থ বিজেপি চৰকাৰ তথা সংশ্লিষ্ট বিভাগক।