বানপানীৰ ভয়াবহতা পাহৰি কামপুৰৰ চাংচকী পথাৰত এজাক মহিলা

 07/29/2019 - 15:56

কামপুৰঃ এতিয়া শাওন মাহ। ন-ভূঁইত চহা কৃষকৰ জীৱন আৰু সপোন ৰচাৰ সময়। শাওন মাহ অহাৰ লগে লগে সেউজীয়া দপোন দেখি শাওনৰ বোকা পথাৰত কঠিয়া ন ভূঁই ৰোৱাত ব্যস্ত সকলো। কিন্ত শাওন মাহত কামপুৰৰ কৃষকৰ মাজত এখন বিপৰীত ছবি। প্ৰলংকাৰী বানে কৃষকৰ সকলো সপোন চূৰমাৰ কৰি লৈ গ’ল। তথাপিও বানপানীৰ ভয়াবহতা পাহৰি কামপুৰৰ চাংচকী পথাৰত ব্যস্ত হৈ পৰিছে এজাক মহিলা।

প্ৰকৃতিৰ ধ্বংস লীলাৰ পাছতো চাংচকীৰ সাৰথি আত্ম সহায়ক গোটৰ মহিলাসকল ব্যস্ত হৈ কৃষি কৰ্মত। সাৰথি আত্ম সহায়ক গোটৰ এই সকল মহিলাই পাঁচ বিঘাকৈ মাটি বন্ধকত লৈ কৃষিকৰ্মত নামিছিল যদিও বানপানীয়ে কঠিয়াবোৰ মাৰি পেলালে। সেয়ে দুই কিঃমিঃ দূৰৰ পৰা কঠিয়া আনি সেউজীয়া কৰিছে পথাৰখন৷ আত্মসহায়ক গোটটোৰ এই কৃষিকৰ্মক সকলোৱে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।