নলবাৰীত ইছলামধৰ্মী লোকসকলৰ উন্নয়নৰ বাবে সজাগতা সভা

 03/28/2019 - 15:08

নলবাৰী: সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নলবাৰী জিলাৰ বাহাৰঘাট আঞ্চলিক সভাখন আজি অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি কমলেশ্বৰ ভূঞাই।

সভাত উপস্থিত থাকি ভাষণ ৰাখে পৰিষদৰ নলবাৰী জিলা উপদেষ্টা ৰাইনুৰ আহমেদ আৰু সাধাৰণ সম্পাদক আফটাবুদ্দিন আহমেদে।অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী জনগোষ্ঠী গৰিয়া মৰিয়া দেশী জলহা , মাইমল, চৈয়দ, পাংগাল আদিৰ ইতিহাস, ঐতিহ্য , আৰ্থ-সামাজিক জৰীপ, উন্নয়ন পৰিষদ গঠন তথা সদ্যঘোষিত ১০০ কোটি টকাৰ বাজেট আৰু সংখ্যালঘু উন্নয়ন বোৰ্ডৰদ্বাৰা ঘোষিত আঁচনি সন্দৰ্ভত বিষদ বিৰণ আগবঢ়াই পৰিষদৰ উপদেষ্টা ৰাইনুৰ আহমেদে।

অস্তিত্বৰ সংকটত ভোগা এই খিলঞ্জীয়া ইছলামধৰ্মী জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে জৰীপৰ সময়ত ৰাইজক সচেতনতাৰে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় পৰিষদৰ জিলা সাধাৰণ সম্পাদক আফটাবুদ্দিন আহমেদে।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে সততে নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব লাগিব আৰু জনগোষ্ঠীসমূহৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে কৌশলগত ব্যবস্থাও গ্ৰহণ কৰিব লাগিব বুলি সভাৰ সভাপতি ভূঞাই সভাপতিৰ ভাষণত উল্লেখ কৰে।

সভাত চৈয়দ আতোৱাৰ ৰহমানক সভাপতি, জলিল আলীক কাৰ্যকৰী সভাপতি আৰু ৰফিকুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি কাৰ্যকৰী সমিতি গঠন কৰা হয়।

সভাত জৰীপ আৰু আঁচনি ৰূপায়ণ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।