বটদ্ৰৱাত আত্মসহায়ক গোটৰ মাজত সামূহিক বিনিয়োগ পুঁজিৰ চেক বিতৰণ

 07/29/2019 - 20:27

টুকটুকীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক জীৱিকা অভিযান বটদ্ৰৱা উন্নয়ন খণ্ডৰ পৰিচালনাত আজি বটদ্ৰৱাৰ ধূপগুৰিত আজান শংকৰ গ্ৰাম্য সংগঠনৰ অন্তভূক্ত ৮ টা আত্মসহায়ক গোটৰ মাজত সামূহিক বিনিয়োগ পুঁজিৰ শিতানৰ চেক বিতৰণ কৰা হয়।

অসম ৰাজ্যিক জীৱিকা অভিযানৰ জীৱিকা সখী মঞ্জু দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মাচুম মহিলা আত্মসহায়ক গোট, জোনালী মহিলা আত্মসহায়ক গোট, ঢাকায়াবস্তি কুহিনুৰ আত্মসহায়ক গোট, ঢাকায়াবস্তি জোনমনি আত্মসহায়ক গোট, ঢাকায়াবস্তি তজমল আত্মসহায়ক গোট, নৱৰত্ন আত্মসহায়ক গোট, অংকুৰ আত্মসহায়ক গোট আৰু ঢাকায়াবস্তি মুন্না আত্মসহায়ক গোটৰ মাজত ৫০ হাজাৰ টকাকৈ মুঠ ৪ লাখ টকাৰ চেক বিতৰণ কৰে বটদ্ৰৱা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক জীৱিকা মিচন অভিযানৰ খণ্ড সমন্বয়ক আতিকুল আলম, ডি ডি ইউ-জি কে ৱাইৰ মাৰ্কাজুল মাআৰিফৰ মবিলাইজাৰ হেড মাজিদুল ইছলাম, আজান শংকৰ গ্ৰাম্য সংগঠনৰ সভানেত্ৰী ছাবিনা ইয়াছমিন, সম্পাদকা অজুফা বেগমে চেক সমূহ বিতৰণ কৰে। সভাত খণ্ড সমন্বয়কগৰাকীয়ে কয় যে এই গ্ৰাম্য সংগঠনৰ পুঁজিৰ লেনদেন ঠিকমতে হ’লে পৰৱৰ্ত্তী দিনত বাকী থকা গোটসমূহে তেনেধৰণৰ পুঁজি পাবলৈ সক্ষম হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।