বিশ্বনাথত নাওখেলৰ সফল সামৰণি

 07/29/2019 - 20:34

বিহালীঃ আজি দিনৰ ২ বজাত বিশ্বনাথ ফেনক্লাৱৰ উদ্যোগত ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ চুইজগেটত এক ঐতিহাসিক নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে ক্লাৱৰ সভাপতি জাগিৰ হুছেইন। মুঠ ৬টা নাৱেৰে খেল অনুষ্ঠিত কৰে ক্লাবে। পানীভঁৰাল এক্সপ্ৰেছৰ হাতত বাঘমাৰী চান্দতাৰাই পৰাস্ত হয়, পাঁখিৰাজৰ হাতত গোহালীভঙ্গা এক্সপ্ৰেছ পৰাস্ত হয় আৰু কমিটীৰ নাৱৰ হাতত বিশ্বনাথ ঘাট পৰাস্ত হয়। চূড়ান্ত ফলাফলৰ সময়ত প্ৰায় ৩০ হাজাৰ অনুৰাগীৰ আগত পানীভঁৰাল এক্সপ্ৰেছ(ভুলাকটা, বিশ্বনাথ) আৰু পাঁখিৰাজ (বাঘমাৰী, বিশ্বনাথ) নাওৱে জিকিবলৈ সক্ষম হয়। প্ৰথম স্থান পানীভঁৰাল এক্সপ্ৰেছ (ভুলাকটা, বিশ্বনাথ) আৰু দ্বিতীয় স্থান পাঁখিৰাজ (বাঘমাৰী, বিশ্বনাথ) নাওৱে দখল কৰে।

প্ৰথম নাওৰ স্বত্বাধিকাৰী জামাত আলি আৰু দ্বিতীয় নাওৰ স্বত্বাধিকাৰী আব্দুল কাছিম। প্ৰথম পুৰস্কাৰ ৮০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৬০০০ টকা লগতে খেলত অংশ লোৱা মাচুল ৩৫০০ টকা আছিল। প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা নাওৰ স্বত্বাধিকাৰী জামাত আলি, ওচমান আলি আৰু ৰজব আহমেদে পুৰস্কাৰ ক্লাৱৰ সভাপতিৰ পৰা গ্ৰহণ কৰে। এই ঐতিহাসিক মুহূৰ্তত উপস্থিত থাকে অসম তথা বিশ্বনাথবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ জনতা।

পাঁখিৰাজ নাওৰ "হেলি"(নাওচালক, ড্ৰাইভাৰ) মোনাহাৰ আলিয়ে চূড়ান্ত খেলত এক আকৰ্ষণীয় বৈঠা মৰাৰ দৃশ্য দেখোৱাত অনুৰাগীৰ আগত তেওঁ বিশেষ চৰ্চা লাভ কৰে। বাঘমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা পাঁখিৰাজৰ প্ৰতিজন প্ৰতিযোগীৰ লগতে প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিজন প্ৰতিযোগীক অভিনন্দন জ্ঞাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আলহাজ আব্দুল হাকিম চিকদাৰ, কাৰ্য্যকৰী সভাপতি দিলোৱাৰ হুছেইন আৰু বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি ইমাম হুছেইন, সাধাৰণ সম্পাদকদ্বয় মোস্তাফিজুৰ ৰহমান,আমিল হ'ক। বাঘমাৰী আঞ্চলিক সমিতিৰ উপদেষ্টা চহিদুল ইছলামে অভিনন্দনৰ লগতে এই পুৰণি-ঐতিহ্যমণ্ডিত ঐতিহাসিক নাওখেল আমাৰ মাজত চিৰ দিন থাকক বুলিও কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।