বগৰীবাৰীত দুখন ইউৰিয়া সাৰৰ ট্ৰাক জব্দ

 07/29/2019 - 20:42

বিলাসীপাৰাঃ বগৰীবাৰী আৰক্ষীৰ অভিযান। অভিযানত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীত দেওবাৰে নিশা দুখন কৈ অবৈধ ইউৰিয়া সাৰৰ ট্ৰাক জব্দ কৰে। লগতে ট্ৰাক দুখনৰ চালকক আটক কৰিবলৈ সক্ষম হয়। পশ্চিম বংগ ৰাজ্যৰ ডালখোলাত অবৈধ ইউৰিয়া সাৰ বোজাই কৰি বৰাক ভেলীৰ শিলচৰলৈ লৈ গৈ আছিল। তেনে সময়ত বগৰীবাৰী আৰক্ষীৰ এনে পদক্ষেপ চৰ্চিত হৈ পৰিছে। কিন্তু শেহতীয়াকৈ অৰ্থাৎ আজি আৰক্ষী থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ট্ৰাক দুখনৰ লগতে ইউৰিয়া সাৰৰ নথি পত্ৰসমূহ বৈধ বুলি জানিব দিয়ে।

আৰক্ষীৰ এনে ভূমিকাই ৰহস্যৰ সৃষ্টি কৰা বুলি অভিযোগ উঠিছে। ইউৰিয়া সাৰৰ গৰাকীৰ লগত গোপন মিতিৰালি কৰি অবৈধ সাৰবোৰ বৈধ কৰাত উঠি পৰি লগা আৰক্ষীৰ ভূমিকাক স্থানীয় বিভিন্ন মহলে সন্দেহৰ চকুৰে চাইছে। ইফালে অসম বংগ সীমান্তৰ ছাগলীয়া, আগমনি, বালাজান আৰু গৌৰীপুৰ আদি চাৰি খন কৈ আৰক্ষী থানা কি দৰে পাৰ হৈ আহিব পায় এনে অবৈধ সা-সামগ্ৰীসমূহ। সেয়ে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।