বিলাসীপাৰাঃ বানপীড়িতৰ মাজত সাংসদ মৌলানা বদৰুদ্দিন আজমল। দেওবাৰে পূৱ আৰু পশ্চিম বিলাসীপাৰাৰ বানপীড়িত অঞ্চল আৰু শিবিৰ পৰিদৰ্শন কৰে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। পশ্চিম বিলাসীপাৰাৰ মহামায়াত ৪৫০ টা পৰিয়াল, পূৱ বিলাসীপাৰাৰ নিউ হাতীপোতাত ৫৫০ টা পৰিয়াল, নায়েৰ আলগাত ৩৫০ টা পৰিয়াল আৰু বিলাসীপাৰাত প্ৰায় ৪৫০ টা বানপীড়িত পৰিয়ালৰ মাজত তিৰ্পাল, চাউল, দাইল, চেনি, চিৰা, মিঠা তেল, বিস্কুট আদি বিতৰণ কৰে সাংসদগৰাকীয়ে। ইয়াৰ উপৰি পশ্চিম বিলাসীপাৰাৰ সোনকোষত বানপীড়িতৰ মাজত আয়োজন কৰা প্ৰায় তিনি শতাধিকতকৈ অধিক ৰোগীৰ চিকিৎসাৰ বুজ লয় ধুবুৰীৰ সাংসদগৰাকীয়ে।
উল্লেখ্য যে যোৱা কেইদিনমান আগত বলিয়া বানৰ ভয়ঙ্কৰ তাণ্ডৱে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ধুবুৰী তথা বিলাসীপাৰাৰ বিভিন্ন এলেকাত যথেষ্ট ক্ষতি সাধণ কৰিছে। বিলাসীপাৰা মহকুমাত বান বিভিষিকাৰ মাজত বিভিন্ন ৰোগ আৰু তীব্ৰ খাদ্য সংকটৰ ফলত ইতিমধ্যে কেইবাজন বানাক্ৰান্তৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা কেইবা দিন ধৰি বানপীড়িতৰ মাজত মাৰকাজুল মাৰিফ, জমিয়ত, আজমল ফাউণ্ডেশন, ইশা ফাউণ্ডেশনে বানাক্ৰান্তৰ মাজত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আদি বিতৰণ কৰাত সামান্য পৰিমাণে হ’লেও বন্যাৰ্তই সকাহ পাইছে।