কোকৰাঝাৰত বডোলেণ্ড গট টেলেণ্ট 'ছিজন 1’ ৰ মেগা অডিচন আৰম্ভ

 07/29/2019 - 21:32

কোকৰাঝাৰঃ বিটিএডি অঞ্চলৰ লগতে ৰাজ্যখনৰ পিছ পৰা বিভিন্ন প্ৰান্তৰ কণ কণ লৰা-ছোৱালীসকলৰ মাজৰ কলা শিল্পীৰ প্ৰতিভাক দাঙি ধৰিবলৈ এক মুকলি মঞ্চ দিয়াৰ উদ্দেশ্যেৰে "বড়োলেণ্ড গট টেলেণ্ট 'ছিজন ওৱান’ নামেৰে এক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ অচেন ইণ্টাৰপ্ৰাইজৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে অনুুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ মেগা অডিচনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ হৈছে৷ উল্লেখ্য যে নৃত্য, গীত, সংগীত, এক্টটিং, কমেডি, মডেলিং আদিকে ধৰি বিভিন্ন দিশ সাঙৰি লৈ আয়োজন কৰা বডোলেণ্ড গট টেলেন্ট ছিজন ওৱান প্ৰতিযোগিতাখনৰ ইতিমধ্যে ৰাজ্যৰ পাঁচটা স্থানত অডিচন সম্পন্ন হৈ গৈছে৷

কোকৰাঝাৰ, চিৰাাং, বাগছা, ওদালগুৰি আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা অডিচন বাৰশৰোধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল৷ ইয়াৰে ভিতৰত বিচাৰক মণ্ডলীৰ দ্বাৰা বাছনিকৃত ৪২৮ গৰাকী প্ৰতিযোগীকলৈ আজিৰে পৰা কোকৰাঝাৰত মেগা অডিচনৰ আয়োজন কৰা হৈছে৷ বডোলেণ্ড গট টেলেণ্টৰ মেগা অডিচনৰ বিচাৰক মণ্ডলী হিচাপে আছে ৰাজ্যৰ স্বনামধন্য পাঁচ গৰাকী বিচাৰক মণ্ডলী যথাক্ৰমে সংগীত পৰিচালক বিষ্ণু শৰ্মা, শিল্পী তথা অভিনেতা শঙ্কৰ কলিতা, শাস্ত্ৰীয় সংগীতকাৰ বনেন্দ্ৰ নাথ ব্ৰহ্ম, চিত্ৰকাৰ দৈমালু ব্ৰহ্ম আৰু প্ৰখ্যাত কৰিওগ্ৰাফাৰ দিলীপ মাহাতো৷

আনহাতে বডোলেণ্ড গট টেলেণ্ট ছিজন ওৱানৰ সঞ্চালক তথা নৃত্য শিল্পী প্ৰলয় কুমাৰ দত্ত আৰু প্ৰযোজনা সঞ্চালক হৰকেশ্বৰ বড়োই সদৰী কৰা মতে অসমৰ চুকেকোনেৰ পৰা যুৱক-যুৱতী আৰু শিশুসকলৰ শিল্পী কলাৰ প্ৰতিভাক দাঙি ধৰি উৎসাহ যোগাৱলৈহে পোনপ্ৰথম বাৰৰ বাবে অসম তথা বিটিএডিত বিশেষকৈ ''বড়োলেণ্ড গট টেলেণ্ট" নামাকৰণৰে এখন মুকলি মঞ্চ দিয়া হৈছে৷ ইতিমধ্যে তেওঁলোকৰ এই প্ৰয়াসক সঁহাৰি দি শদিয়া, ডিব্ৰগড়, শৌনিতপুৰ, ধেমাজি, যোৰহাট, গুৱাহাটী আৰু বিটিএডিৰ চাৰিখন জিলাৰ পৰা বাৰশৰোধিক প্ৰতিযোগীয়ে অংশ লৈছিল বুলি জানিব দি কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ মেগা অডিচনৰ জৰিয়তে বিচাৰক মণ্ডলীয়ে মুঠ ৭২ গৰাকী প্ৰতিযোগীক গ্ৰাণ্ড ফিনালেৰ বাবে বাছনি কৰিব৷ বড়োলেণ্ড গট টেলেণ্ট ছিজন ওৱানৰ গ্ৰাণ্ড ফিনালে অথাৎ ফাইনেলখন অহা অক্টোবৰত বিটিএডিৰ সদৰ কোকৰাঝাৰতে অনুষ্ঠিত কৰা হ’ব বুলিও সদৰী কৰে সঞ্চালকদ্বয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।