বৰপেটাৰ হাউলীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন যুৱক

 03/28/2019 - 15:14

বৰপেটাঃ বৰপেটাৰ হাউলীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে নিশা হাউলীৰ হাউলীৰ ব্লক অফিচৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ-১৫-পি-০৯৫৮ নম্বৰ চুইফট ডিজায়াৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই পথ দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হয়৷

দুৰ্ঘটনাত নিহত যুৱক দুজন হাউলীৰ খাটালপাৰাৰ নিৱাসী উমেশ দাসৰ পুত্ৰ ৰাকেশ দাস(২৪) আৰু হাউলী জলজলীৰ বাসিন্দা ভবেন দাসৰ পুত্ৰ নিকুঞ্জ দাস(২৫) বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাবে আহত হৈছে আছিফ আলী নামৰ এজন যুৱক। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।