07/30/2019 - 12:03
in
জনীয়াঃ কলগাছিয়াৰ সুতিৰপথাৰ আৰু খাৰবাল্লি গাঁৱৰ বানাক্ৰান্ত শিবিৰত লোকৰ মাজত সাহায্যসামগ্ৰী বিতৰণ বিজেপিৰ টিকট প্ৰত্যাশী মকিবুৰ হুছেইন মজুমদাৰ। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁও বেঁকী নদীৰ বানপানীয়ে প্লাৱিত কৰাৰ ফলত বানাক্ৰান্তৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
প্ৰশাসনৰ ফালৰ পৰা এদিনৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰিছিল যদিও আৰু কোনো ধৰণৰ সাহায্য বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। জনিয়া সমষ্টিৰ বিজেপি নেতা মকিবুৰ হুছেইন মজুমদাৰে, সুতিৰপথাৰ আৰু খাৰবাল্লি গাঁও পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত চাউল, দাইল আদি বিতৰণ কৰে। লগতে শীঘ্ৰে বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনায়।