07/30/2019 - 12:17
in
তামুলপুৰঃ ৰাজ্যত এখন শুদ্ধ এন আৰ চি প্ৰস্তুতৰ কাম চলি থকাৰ মাজতেই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এন এছ কে কেন্দ্ৰত কৰ্তব্যৰত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ কাম কাজত অসন্তুষ্টি ব্যক্ত কৰিছে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।
বাক্সা জিলাৰ বঙালী যুব ছাত্র ফেডাৰেচনৰ সভাপতি অধীৰ আৰ্যই কয় যে, কোনো ধৰণৰ আগতীয়া জাননী প্ৰেৰণ নকৰাকৈ বি এল ওৰ হতুৱাই ৰাইজক এন এছ কে চেণ্টাৰলৈ মাতি পঠিয়ায়। এন এছ কে চেণ্টাৰত কোনো নথি পত্ৰ পৰীক্ষা নকৰাকৈ নিৰ্দিষ্ট প্ৰ-পত্ৰত চহী কৰিবলৈ কয়।