বৰপেটাত বান সাহায্য কঢ়িওৱা চুৰি ট্ৰাক উদ্ধাৰ

 07/30/2019 - 12:27

বৰপেটাঃ বৰপেটা চহৰ যেন এতিয়া ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে। এক প্ৰকাৰ আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি অপৰাধীয়ে চলাই গৈছে অপৰাধমূলক কাণ্ড। বান সাহায্য কঢ়িয়াবৰ কাৰণে ৰখাই থোৱা AS 09 AC 0646 নম্বৰৰ এখন ট্ৰাক হাউলি নৰ্মাল স্কুলৰ সন্মুখত যোৱা নিশা নিৰুদ্দেশ হৈ পৰে। ট্ৰাকখনৰ মালিক ইফটিকাৰ আলমে ঘটনা সংক্ৰান্তত হাউলি আৰক্ষীৰ লগত যোগাযোগ কৰাত হাউলি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ট্ৰাকখনৰ অনুসন্ধানত নামি পৰে তথা সৰভোগ আৰক্ষীৰ লগত যোগাযোগ কৰে।

অৱশেষত গোপন সূত্ৰৰ পম খেদি ট্ৰাকখন বৰপেটা ৰোড শিমলাগুৰি হৈ ৰাষ্ট্ৰীয় পথেৰে তীব্ৰ গতিত ধাৱমান হৈ থকা বুলি হাউলি আৰক্ষীয়ে খবৰ লাভ কৰে। হাউলি আৰু সৰভোগ আৰক্ষীয়ে যৌথ ভাৱে ট্ৰাকখন খেদি খেদি সৰভোগ লক্ষ্মী মন্দিৰৰ ওচৰত চোৰসহ জব্দ কৰিবলৈ সক্ষম হয়। লক্ষ্যণীয় কথা হ’ল যে উক্ত চুৰিকাণ্ডৰ লগত জড়িত আফচেৰ আলী হাউলিৰ সাংবাদিক ৰমিজ তালুকদাৰৰ ভাগিন বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে। সাংবাদিক এজনৰ ভাগিন চুৰিকাণ্ডৰ লগত জড়িত হোৱা কথাটো বহুতেই সহজভাৱে ল’ব পৰা নাই তথাপি সাংবাদিক ৰমিজ তালুকদাৰৰ প্ৰতি ৰাইজৰ আছে নানা অভিযোগ। তেনে পৰিপ্ৰেক্ষিতত উক্ত ট্ৰাক চুৰিকাণ্ডৰ লগত যে এটি বৃহৎ দল জড়িত হৈ আছে সেয়া নুই কৰিব নোৱাৰি। সৰভোগ আৰক্ষীয়ে ট্ৰাকখন আৰু ট্ৰাক চোৰ আফচেৰ আলীক নিজৰ জিম্মাত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।