বঙাইগাঁৱত কৃষকৰ ভড়াল শূন্যঃ তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা

 07/30/2019 - 12:31

বঙাইগাঁওঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানপানীৰ পিছত কৃষকৰ চকুত এতিয়া কেৱল চকুলো আৰু চকুলো। প্ৰতিখন পথাৰ যেন মৰুভূমিত পৰিণত হোৱা দেখা গৈছে। আই নদীৰ বাঢ়নী পানীৰ পিছত বঙাইগাঁও জিলাৰ ২নং জামদহা কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ১, ২নং জামদহা, ভাণ্ডাৰা গাঁৱৰ কৃষকসকলে অতি যত্নৰে ভড়াল চহকী কৰাৰ উদ্দেশ্যৰে জাকত জিলিকা কৈ গঢ়ি তুলিছিল ধান খেতি, যদিও সেয়া এতিয়া মৰুভূমি সদৃশ।

ধাননি পথাৰৰ ওপৰত কেৱল বালি আৰু বোকা। গোটেই বছৰৰ কাৰণে ভড়াল চহকী কৰিবলৈ আশা কৰিছিল যদিও সেই আশা এতিয়া তচনচ হৈ পৰিছে। এতিয়া তেওঁলোকৰ লৰা ছোৱালীক লৈ কি খাব সেই কথা ভাবি চিন্তিত হৈ পৰিছে। সেয়ে ৰাজ্য চৰকাৰৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাৰ দৃষ্টি আকৰ্ষণ কামনা কৰিছে ক্ষতিগ্ৰস্ত কৃষকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।