যোগীঘোপাঃ ৰাজ্যত প্ৰলয়ংকাৰী বানে ধুই গ’ল সকলো। বানত সৰ্বহাৰা হৈ বৰ্তমান বানৰ পৰা বানাক্ৰান্ত লোকে কিছু সকাহ পাইছে যদিও দুৰ হোৱা নাই সমস্যাৰ।
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাত দুটাকৈ বানে তচনচ কৰি পেলাইছে খেতিপথাৰ। অঞ্চলটোৰ শ শ বিঘা কৃষি ভূমি বানৰ কবলত পৰি পাচলিকে আদি কৰি বিভিন্ন খেতিপথাৰ বিনষ্ট হৈ যায়। ফলত মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। উল্লেখ্য যে, বিশেষকৈ কৃষিৰ লগতে জড়িত অঞ্চলটোৰ কটাশবাৰী, খোৰাগাওঁ, পূৱ মাজেৰ আলগা পঞ্চায়তৰ ঈশ্বৰঝাৰী প্ৰথম আৰু দ্বিতীয় খণ্ড ,ভুতকুৰা তৃতীয় খণ্ড, সাতশ বিঘা চৰ, পশ্চিম মাজেৰ আলগা পঞ্চায়তৰ খৰচীমাৰী, এন চি, খৰচীমাৰী প্ৰথম খণ্ড, ঔডুবী পঞ্চায়তৰ ঔডুবি, খেলুৱাপাৰা চতুৰ্থ আৰু পঞ্চম খণ্ড, গাছপাৰা সুতিৰমুখ, কচুদোলা ,যোগীঘোপা পঞ্চায়তৰ চটপাৰা চৰ, বালাপাৰা পঞ্চায়তৰ হকোডবা কাবাইটাৰী পঞ্চায়তৰ মোহনপুৰ, বুঢ়ীৰ চৰ, চলন্তাপাৰা পঞ্চায়তৰ ফলিমাৰী, গৰাইমাৰী, খোৰাগাঁও পঞ্চায়তৰ বেছিমাৰী, পাচনীয়া দ্বিতীয় খণ্ড, ঘিলাগুৰী পঞ্চায়তৰ নয়াগাঁও প্ৰথম খণ্ড, মালেগাঁও পঞ্চায়তৰ গোবিন্দপুৰ, তিনকোণীয়া, ৬ নম্বৰ চৰ, ৫ নম্বৰ চৰ (মোহনপুৰ) আৰু বৰজানা পঞ্চায়তৰ প্ৰায় ৭ খন গাঁও সম্পুৰ্ণৰূপে প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছিল।
কৃষকসকলে বেঙেনা, ভোল, জিকা, ভেন্দি, ভাত কেৰেলা, ৰঙালাও, কোমোৰা, তিয়ঁহ, পটল, কচু, ভাত কেৰেলা আদি বিভিন্ন শাক পাচলিৰ শ শ বিঘা খেতি কৰিছিল যদিও বলিয়া বানৰ কবলত পৰি সকলো নষ্ট হৈ যায়।ইয়াৰ উপৰিও মৰাপাট, ধান খেতিৰ লগতে কলৰ বাগান, পাণ-তামোলৰ গছ আদিও বিনষ্ট হৈ যায়। একাংশ কৃষকে জনোৱা মতে, ধানৰ বীজ আৰু কঠীয়া আদি সচাই সজতনে ৰাখিছিল যদিও বলিয়া বানে সকলো ধুই লৈ যায়। ফলত বানত নিজৰ সকলো হেৰুৱাই শোকত ভাগি পৰিছে কৃষকসকলে। এতিয়া কৃষকসকলে আশা কেৱল চৰকাৰলৈ চৰকাৰে যদি কিবা ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া কিছু সকাহ পাব বুলি ব্যক্ত কৰে কৃষকসকলে।