তিতাবৰত প্ৰাপ্যৰ পৰা বঞ্চিত শ শ ৰান্ধনীয়ে দিলে উলংগ প্ৰতিবাদৰ হুংকাৰ

 07/30/2019 - 12:55

তিতাবৰঃ এইবাৰ ৰাজপথত উলংগ প্ৰতিবাদৰ হুংকাৰ দিলে উচ্চ নিম্ন সদৌ অসম প্ৰাথমিক বিদ্যালয় সন্মিলিত ৰান্ধনী সন্থাই। তিতাবৰৰ পৰাই চৰকাৰলৈ কঠোৰ সকীয়নী প্ৰদান মহিলা সংগঠনটোৰ। চাকৰি নিয়মীয়াকৰণ, এক হাজাৰ টকাৰ পৰিবৰ্তে ৯৬০০ টকালৈ মজুৰি বৃদ্ধি কৰা আৰু ব্যক্তিগত কোম্পানীত মধ্যাহ্ন ভোজন প্ৰক্ৰিয়া গতাই দিয়াৰ তীব্ৰ বিৰোধিতা আদিকে ধৰি কেইবাটাও দাবীত তীব্ৰ প্ৰতিবাদ সংগঠনটোৰ। \

তিতাবৰৰ ৰাজপথত যোৰহাট জিলা সমিতিয়ে বাহিৰ কৰি কৰিলে এক প্ৰতিবাদী সমদল। উল্লেখযোগ্য যে ৪৮ বাৰকৈ চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিও বিফল হৈ এইসকল মহিলাই এইবাৰ দিলে উলংগ প্ৰতিবাদৰ হুংকাৰ। এইসকল প্ৰাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰীৰ শিক্ষামন্ত্ৰীলৈ মুকলি প্ৰশ্ন! ক'ত গ'ল আমাৰ ৪৮খনকৈ স্মাৰক পত্ৰ? আমি দিয়া স্মাৰক পত্ৰবোৰ আপোনাৰ হাতত পৰে নে? যদি পৰে আপুনি ইমান দিনে ব্যৱস্থা লোৱা নাই কিয়? আমি উলংগ হোৱাটো চৰকাৰে বিচাৰে নেকি ? লগতে কয় যে যদিহে বিধান সভাৰ বাজেট অধিৱেশনত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে ৰাজ্যৰ প্ৰতিখন জিলাতে উলংগ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি চৰকাৰক তীব্ৰ ভাষাৰে সকীয়াই দিয়ে সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।