মঙলদৈঃ ক্ৰিয়েটিভ অৰ্গেনাইজেশ্যন এণ্ড ৰুৰেল ডেভেলপমেণ্ট (ক'ৰ্ড)ৰ উদ্যোগত আৰু অঞ্জালী নাট্য গোষ্ঠী আৰু খনিকৰ শিল্পী সমাজৰ সহযোগত চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত যোৱা ১৪-২৮ জুলাইলৈ ১৫ দিনীয়াকৈ অনুষ্ঠিত নাট কৰ্মশালা আৰু প্ৰতিভা বিকাশ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই উপলক্ষে হোৱা সামৰণি অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়নক উদ্যোক্তাসকলে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ কয়, ৰাইজৰ এনে মৰমে মোক জীয়াই থকাৰ প্ৰেৰণা দিয়ে।
এই অনুষ্ঠানত প্ৰযোজক হামিদ উল্লাহ, অভিনেতা জিতুল ভৰালী, দ্বীপজ্যোতি কলিতা, কমল ৰেৱতী, বিশিষ্ট নাট্যকাৰ, পৰিচালক আব্দুল আজিজক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সভাপতি হাছিনুৰ হুছেইনে মঞ্চ মুকলি আৰু নাগাৰা নামৰ পাঠক হেমকান্ত ডেকাই বন্তি প্ৰজ্বলন কৰে। নিশা ৮ বজাত সাংবাদিক গণেশ দত্তই নাট উদ্বোধন কৰে। এই অনুষ্ঠানত জিন্টুমণি কলিতা ৰচিত আৰু পৰিচালিত নাট 'এখন দলং ঢলং পলং' আৰু অৰ্চনা ডেকা পৰিচালিত 'সৎ কৰ্মৰ সৎ ফল' নাট দুখন মঞ্চায়ন কৰা হয়। ৭০ গৰাকী শিশু, কিশোৰ কিশোৰীৰ সাৱলীন অভিনয়ে সকলোকে মোহিত কৰে।