কাজিৰঙাত বনকৰ্মীক গঁড়ৰ আক্ৰমণ

 03/28/2019 - 16:01

কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্য প্ৰাণীৰ আক্ৰমণত বহুতো বনকৰ্মী মাজে মাজে আহত হোৱাৰ লগতে নিহত হোৱাৰো খবৰ পোৱা যায়।

উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ভুলোকাজান বন শিবিৰ এলেকাত পুনৰ মাৰ্চ মাহৰ ২৭ তাৰিখে চন্দ্ৰধৰ ডেকা নামৰ এজন বন সুৰক্ষাকৰ্মী কৰ্তব্যৰত অৱস্থাত আহত হৈছে।বনকৰ্মীজনে ৰাতিপুৱা বনাঞ্চলৰ ইকৰাণিত জুই দি থাকোতে এটা প্ৰকাণ্ড গড়ে খেদি খেদি আক্ৰমণ কৰি হাত,কাণ,মুখ আদিত আঘাত কৰাৰ লগতে হাতৰ আঙুলিও ছিঙি পেলায়।

ঘটনাতো ৰাতিপুৱা প্ৰায় ৯ঃ৩০ বজাত সংঘটিত হয়। পাছত বনকৰ্মীজনক গুৱাহাটীলৈ উন্নত স্বাস্থ্য সেৱাৰ বাবে প্ৰেৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।