07/30/2019 - 13:53
in
লামডিংঃ লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত খাগৰিজানৰ পৰা লালমাটিলৈ যোৱা ৯ কিলোমিটাৰ ৰাস্তাৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক।
এই ৰাস্তাটোৰ নিৰ্মাণৰ বাবে এম.জি.এনৰেগা আঁচনিৰ অধীনত যোৱা ২০১৬-১৭ বৰ্ষতে আবন্টিত মুঠ ২০,২০০০০ টকা আবন্টিত হৈছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল ৰাস্তাৰ কাম ফলত যাতায়তৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে, এতিয়া প্ৰশ্ন হয় কাৰ ভুলৰ বাবে অঞ্চলবাসীয়ে ভুগিবলগীয়া হৈছে এনে যমৰ যাতনা।
দুৰ্নীতিৰ কথা কবলৈ গ’লে পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰখনৰ কথা মনলৈ আহে যদিও দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰি অহা বৰ্তমানৰ বিজেপি চৰকাৰখনে এনেধৰণৰ ৰাইজৰ সমস্যাসমূহ দূৰ কৰিবলৈ সক্ষম হ’বনে সেয়াই পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।