বৰপেটাঃ শেহতীয়া বানে অসম ৰাজ্যখনক জুৰুলা কৰাৰ সময়তে বৰপেটা জিলা অধিক ক্ষতিগ্ৰস্ত হৈছে। সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত আজিও অথাই পানীত ককবকাইছে জনসাধাৰণ। বিশ্ব বিখ্যাত ঢাৰি নগৰী, বিদ্যা নগৰী তথা ক্ষুদ্ৰ উদ্যোগৰ কেন্দ্ৰ কয়াকুছিৰ সমীপৱৰ্তী অঞ্চল আজিও পানীৰ তলত। কুৰিহা বৃহদাঞ্চল, কেইটপাৰা, শৰনাৰ্থী, কয়াকুছি পাথাৰ, ভক্তৰডোবা, তেলেৰীয়াৰ বিভিন্ন অঞ্চলত আজিও শিবিৰত আছে জনসাধাৰণ।
কয়াকুছি অঞ্চলৰ শিক্ষাৰ পূৰণা অনুষ্ঠান কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজিও একঁকাল পানী। কয়াকুছি প্ৰাথমিক বিদ্যালয়, কয়াকুছি কুৰিহা প্ৰাথমিক বিদ্যালয়, কয়াকুছি কুৰিহা ছিনিয়ৰ মাদ্ৰাছা আদি শিক্ষানুষ্ঠানত আশ্ৰয় লৈ থকা পৰিয়ালৰ মাজত সোমবাৰে গুৱাহাটীৰ মহিন্দ্ৰা মটৰচ কোম্পানীৰ উদ্যোগত আৰু বৰপেটাৰোড ছাৰ্ভিছ শাখাৰ সহযোগত এশ টা পৰিয়ালৰ মাজত চাউল দালি আৰু আলুৰ সৈতে এটি খাদ্যৰ টোপোলা বিতৰণ কৰে কোম্পানীটোৰ ফালৰ পৰা।
আনহাতে ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছএফআইৰ কয়াকুছি আঞ্চলিক সমিতিৰ উদ্যোগতো চকিৰভিঠা, শৰনাৰ্থী, কেউটপাৰা অঞ্চলৰ ৰাইজে ভৱানীপুৰ কয়াকুছি বৰপেটাপথৰ ওপৰত অস্থায়ী শিবিৰত আশ্ৰয় লৈ থকা দুশ টা পৰিয়ালৰ মাজত ছাৰ্ফ-চাবোন আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। দেওবাৰে কয়াকুছি বজাৰৰ পৰা সংগ্ৰহ কৰা ধনেৰে ছাত্ৰ সংগঠনটোৰ ছাত্ৰসকলে এই পদক্ষেপ গ্ৰহণ কৰে।
ফেডাৰেচনৰ উক্ত ধন সংগ্ৰহ আৰু আজিৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত এছএফআইৰ বৰপেটা জিলা সমিতিৰ সভাপতি দেৱান ইফতিকাৰ হুছেইন, কয়াকুছি আঞ্চলিকৰ সভাপতি ছাইফুল ইছলাম, সদস্য ক্ৰমে ইলিয়াছ দেৱান, বাহাৰুল ইছলাম, মনিৰুদ্দিন, ছাদ্দাম শিকদাৰ, আমিৰ উদ্দিন আহমেদ, আনোৱাৰ খান, ৰাজিবুল ইছলাম আৰু বাবুল ইছলামকে ধৰি কেবাগৰাকী ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে। এছএফআইৰ বিতৰণ অনুষ্ঠানত সহযোগ কৰে বাঁওপন্থী নেতা পিয়াৰুল ইছলাম আহমেদ আৰু স্থানীয় বাঁওপন্থীৰ কৰ্মকৰ্তাসকল। মহিন্দ্ৰা মটৰ কোম্পানী আৰু এছএফআইৰ উক্ত সামগ্ৰী বিতৰণ কাৰ্যসূচীক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।