উপযুক্ত প্ৰাৰ্থীকহে ভোট দিব লখিমপুৰৰ জহিং বাগানৰ ৰাইজে

 03/28/2019 - 16:41

লখিমপুৰ: সমাগত ২০১৯ৰ লোকসভা নিৰ্বাচন। নেতা পালিনেতাসকলো ব্যস্ত হৈ পৰিছে ৰাজনৈতিক অংকত। অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত সংখ্যাগৰিষ্ঠতা লাভ কৰি কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে তাৰে অংকত ব্যস্ত সকলো ৰাজনৈতিক দল।

কিন্তু জনতাৰ দুখ-দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাই আমাৰ জন প্ৰতিনিধিসকলৰ। সেয়েহে আমাৰ সাংবাদিকে অনুসন্ধান চলাইছিল ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ এক ভিতৰোৱা অঞ্চল জহিং কয়লামাৰী চাহ বাগানত। বিগত লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ বৰ্তমানেও পূৰণ নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সভাপতি চুৰ্নিল টিৰ্কিয়ে।

সেয়েহে, এইবাৰ নিৰ্বাচনত চাহ জনজাতি ৰাইজে উপযুক্ত প্ৰাৰ্থীকহে যাতে ভোট প্ৰদান কৰে তাৰ বাবে আহবান জনাইছে সভাপতিগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।