ব্যৱসায়ী অভিজিৎ কলিতাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ চেক

 07/30/2019 - 14:53

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে হোৱা বানৰ ফলত ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে। বন্যাৰ্তক সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন দল সংগঠনে৷ নলবাৰীৰ সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী আস্থা মটৰ্চৰ স্বত্বাধিকাৰী অভিজিৎ কলিতাই বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াইছে৷

অভিজিৎ কলিতাই আস্থা মটৰ্চৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ চেক নিজ হাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আগবঢ়ায়৷ অভিজিৎ কলিতাৰ এই পদক্ষেপক নলবাৰীৰ ৰাইজে প্ৰশংসা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।