বিজনীঃ চিৰাং জিলাৰ বিজনীৰ সমিপৱৰ্ত্তী পুৰান বিজনীৰ বাসিন্দা এমদাত আলীৰ পুত্ৰ জিণ্টু আলীৰ(২২) দুয়োটা বৃক্ক বিকল বুলি চিকিৎসকে ঘোষনা কৰাৰ পাছৰ পৰাই দুখীয়া পৰিয়ালটোৰ মূৰৰ ওপৰত যেন আকাশ ভাঙি পৰিছে। উল্লেখ্য যে যোৱা ২০ বছৰৰ আগতে এমদাত আলীৰ পত্নী ৰজেমা বেগমক তালাক দিয়ে। তাৰ পাছৰ পৰাই এমদাত আলীৰ পত্নীয়ে কাম কৰি দুজনী কন্যা সন্তানসহ জিণ্টু আলীক ডাঙৰ দীঘল কৰে।
জিণ্টু আলীয়ে নৱম শ্ৰেণীত পঢ়া সামৰি নিজৰ অচল সংসাৰৰ প্ৰতি লক্ষ্য কৰি জিণ্টু আলীয়ে এক মূৰ্গী দোকানৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। হঠাতে বমি আৰু পেটৰ বিষৰ বাবে বিজনীতে ডাক্তৰ দেখাই যদিও পাছলে যোৱা ৩ জুনত ব্যক্তিগত খণ্ডৰ লৱাৰ আছাম হাস্পতালৰ ডাক্তৰৰ পৰামৰ্শত চিকিৎসা আৰম্ভ কৰে পাছলৈ পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে চিকিৎসকে দুয়োটা বৃক্ক বিকল হোৱাৰ কথা পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।
পাছলৈ গুৱাহাটীৰ এপলো হাস্পতালত চিকিৎসাৰ বাবে দেখায় যদিও কোনো সুফল পোৱা নাই বুলি পৰিয়ালৰ লোকে জনায়। উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ হাতত নাই পৰ্যাপ্ত ধন। সেয়েহে চৰকাৰ তথা ৰাইজক ল’ৰাটোৰ সুচিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াই দুখীয়া পৰিয়ালটোৰ সহায় কৰিবৰ বাবে কাতৰ অনুৰোধ জনায়। অলপ সহায়ে এটা পৰিয়াল প্ৰাণ পাই উঠিব পাৰে। ইচ্ছুক ব্যক্তিক চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ বিজনী শাখাত ৰজেমা বেগমৰ নামত থকা A/C NO. 3965582310 নম্বৰৰ একাউণ্টত বৰঙণি আগবঢ়াবলৈ জিণ্টুৰ মাতৃ ৰজেমাই অনুৰোধ জনাইছে।