মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৰায় প্ৰদান

 07/30/2019 - 15:54

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্য জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা গুৱাহাটীৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ ৰায় প্ৰদান কৰিলে আদালতে৷ হত্যাকাণ্ডত জড়িত থকা তিনিজন অভিযুক্ত গোবিন্দ সিংঘাল আৰু তেওঁৰ মাতৃ আৰু ভগ্নীক দোষী সাব্যস্ত কৰিলে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। ২০জনকৈ সাক্ষীয়ে সাক্ষ্যদান কৰে আদালতত। অভিযুক্ত পক্ষৰ হৈ তিনিজনৰ সাক্ষ্যদান।

২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক। নিজৰ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক। গোবিন্দৰ বাসগৃহৰ বাথৰূমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। সিংঘালৰ মাতৃ আৰু ভগ্নীয়েও সহযোগ কৰিছিল হত্যাকাণ্ডত। আদালতৰ ৰায়ৰ পিছতে দোষীৰ ফাঁচিৰ দাবী তোলে শ্বেতাৰ পিতৃয়ে। কাইলৈ তিনি দোষীৰ শাস্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।