কোকৰাঝাৰঃ কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আজি পুনৰ এগৰাকী লোকৰ মৃত্যু হোৱাত জাপানীজ এনকেফেলাইটিজৰ ৰোগৰ ফলত মৃত্যুলোকৰ সংখ্যা কোকৰাঝাৰ জিলাত দুজনলৈ বৃদ্ধি পালে। কোকৰাঝাৰৰ এখন ব্যাক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা লোকগৰাকী হ'ল অৱসৰপ্ৰাপ্ত বিইইঅ' বিষয়া তথা নাৰায়নপুৰৰ বাসিন্দা ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম(৭২)। উল্লেখ্য যে জিলাখনত ইয়াৰ পূৰ্বে সোমাইনা মুছাহাৰী বুলি এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছিল।
পৰিয়ালৰ লোকে সদৰি কৰা মতে যোৱা ৭ জুলাইত গুৱাহাটীৰ এপলো হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত ৰিজেন্দ্ৰ নাথ ব্ৰহ্মক ঘূৰাই আনি কোকৰাঝাৰৰ এখন ব্যাক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে। ইপিনে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ চিকিৎসক অমল মুছাহাৰীয়ে কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা নজন বুলি মন্তব্য কৰি জাপানীজ এনকেফেলাইটিজ ৰোগ প্ৰতিহিত কৰিবলৈ ঠায়ে ঠায়ে ফগিং আৰু জনসচেতনতা কাৰ্যসূচী হাতত লোৱা হৈছে বুলি সদৰি কৰে।