মানকাচৰত বিএছএফৰ উদ্যোগত মহিলাৰ বাবে বিশেষ পদক্ষেপ

 07/30/2019 - 16:17

মানকাচৰঃ মানকাচৰৰ সাহাপাৰাত মংগলবাৰে ৬ নং বি এন, বি এছ এফে এক জনহিতমূলক কাৰ্য হিচাপে "ছিভিক এক্সশ্যান প্ৰগ্ৰাম"ৰ জৰিয়তে সীমান্ত অঞ্চলত বসবাস কৰা দুখীয়া-নিচলা মহিলা গাভৰুৰ মাজত চিলাই, নেপকিন আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত ফলমূলৰ গছপুলি বিতৰণ মানকাচৰ, সাহাপাৰা, সোনাৰ পাৰা, মায়াপাৰ, বৰ্মনপাৰা, জোৰডাঙা আদি সীমান্ত অঞ্চলৰ কেইবা শতাধিক দুখীয়া নিচলা লোকৰ মাজত ফলমূলৰ গছপুলি বিতৰণ কৰাৰ লগতে একাংশ মহিলাৰ মাজত চিলাই মেচিন, নেপকিন বিতৰণ কৰে।

তাৰোপৰি সীমান্ত অঞ্চলৰ যুৱক যুৱতীয়ে যাতে শাৰীৰিক ভাৱে সুস্থ সবল হৈ সামৰিক বাহিনীত যোগদান কৰি দেশ সেৱাত নিয়োজিত হব পাৰে, তাৰ বাবে একাংশ যুৱক যুৱতীক শৰীৰ পৰিচৰ্যাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। এনে মহৎ কাৰ্য্যৰ বাবে মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামে বিএছএফৰ ভূয়সী প্ৰশংসা কৰে। উক্ত শিবিৰতে ৬নং বি এন বি এ এছ এফৰ কামাণ্ডেন এম আৰ মিনা, মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আৰু গণ্য মান্য সহস্ৰাধিক ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।