মৰিয়নীত বিজেপিয়ে ভোটাৰক বিলাবলৈ অনা চাইকেল জব্দ

 03/28/2019 - 16:59

মৰিয়নী: সৰ্ব্বত্রে এতিয়া নিৰ্বাচনৰ গৰম বতাহ। সকলো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষিত কৰিবলৈ। বৃহস্পতিবাৰে বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতা অমিত শ্বাহ যোৰহাটলৈ আহিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে।

সেই সময়তে মৰিয়নীৰ ধোদৰ আলিয়েদি আমগুৰি দিশে গৈ থকা অৱস্থাত মৰিয়নীৰ হেমলাইত AS O3 BC 2941 নম্বৰৰ চাইকেল ভৰ্তী বলেৰ' পিক আপ ভানখন জব্দ কৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়কগৰাকীয়ে বিজেপি চৰকাৰে নিৰ্বাচন বিধি উলংঘা কৰি ভোটাৰক চাইকেলখিনি বিলাবৰ বাবে অনাৰ অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে জব্দকৃত চাইকেলসমূহ নিজৰ জিম্মাত ৰাখিছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।