দুৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানি জায়েদ হুছেইনঃ আর্থিক সহায়ৰ আহ্বান পৰিয়ালৰ

 07/30/2019 - 16:24

নাজিৰাঃ এজন ১৩ বছৰীয়া কণমানি। সৰুৰে পৰা এক জটিল ৰোগত আক্ৰান্ত কণমানিটো। শৰীৰৰ যিকোনো ঠাইত সামান্য আঁচোৰ খালেই ঢৌ উঠি আহে আৰু সেই ঢৌবোৰ ফুটি বৃহৎ আকাৰৰ ঘাঁ হৈ পৰে। এই দুর্ভগীয়া কনমানিটো শিৱসাগৰৰ ঘিলাগুৰিৰ নিৱাসী ইমৰাণ হুছেইন আৰু জাহানা বেগমৰ কণিষ্ঠ পুত্ৰ জায়েদ হুছেইন। অসুস্থ জায়েদৰ মাতৃৰ পৰা জানিব পৰা মতে জায়েদ জন্ম হোৱাৰ প্রায় এক সপ্তাহৰ পাছৰে পৰা এই ৰোগটোত ভুগি আছে।

ইতিমধ্যে বিভিন্ন চিকিৎসা কৰা হৈছে যদিও কোনো সাল সলনি হোৱা দেখা পোৱা নাই বুলিও জানিবলৈ দিয়ে মাতৃ জাহানা বেগমে। ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰে জায়েদ, সমনীয়াৰ লগত খেলাধূলা কৰাৰ পৰা বঞ্চিত, স্কুললৈ যাব নোৱাৰা কণমানিটো এতিয়া গৃহবন্দী হৈ ৰ'ব লগাত পৰিছে অসুস্থতাৰ বাবেই। আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোলৈ এতিয়া যেন নামি আহিছে কাল অমানিশা। অসুস্থ জায়েদ আৰু তেওঁৰ পৰিয়ালে চৰকাৰ, প্ৰশাসন আৰু ৰাইজৰ পৰা সহায় বিচাৰিছে কণমানি জায়েদৰ উন্নত চিকিৎসাৰ বাবে।

কোনো সদাশয় ব্যক্তিয়ে যদি জায়েদক সহায় কৰিব বিচাৰে তেন্তে, 7576852369 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে জায়েদৰ মাতৃ জাহানা বেগমৰ a/c no 33471091544, SBI, Sivasagar, IFSC SBIN 0000182 নম্বৰত আর্থিক সহায় আগবঢ়াব পাৰিব। জায়েদৰ আশা তেওঁ ভাল হ'ব আৰু স্কুললৈ গৈ পুনৰ পঢ়িব পাৰিব। উল্লেখ্য যে ঘিলাগুৰি যুৱ জামাতৰ লগতে ভালেসংখ্যক দল সংগঠনো আগুৱাই আহিছে কণমানিটোক সহায় কৰিবৰ বাবে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।