ওৰাংঃ সদৌ আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)। আছাৰ সভাপতি প্ৰদীপ নাগে কুৰ্মী আৰু ওৰিড়া জনজাতিৰ ওপৰত কৰা অপমানসূচক মন্তব্যৰ ওপৰত ক্ষমা খুজিবলৈ দাবী জনাইছে আটছাৰ কৰ্মকৰ্তাসকলে। উল্লেখযোগ্য যে যোৱা ২ জুলাইত বোকাজানত অনুষ্ঠিত হোৱা আছাৰ প্ৰতিষ্ঠা দিৱসত অসমত বসবাস কৰা চাহ জনজাতিৰ লোক ওৰিড়া আৰু কুৰ্মীসকলক চোৰ আৰু ভয়াতুৰ বুলি ৰাজহুৱা সভাত অপমানসূচক মন্তব্য প্ৰদান কৰিছিল। আৰু আছাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ এই মন্তব্য ৱেব মেডিয়াত ভাইৰেল হৈ পৰিছিল।
লগে লগে চাহ জনজাতিৰ লোকসকলৰ ওপৰত কৰা অপমানসূচক মন্তব্য ইউটিউৱত উপলব্ধ হৈছিল। ছ’চিয়েল মিডিয়াত সমালোচনা কৰা হৈছিল প্ৰদীপ নাগৰ এই মন্তব্যৰ ওপৰত। চাহ জনজাতি সমাজে ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ দাবী কৰিছিল প্ৰদীপ নাগক। প্ৰদীপ নাগে ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ পৰিবৰ্তে এজাহাৰ হে দাখিল কৰিছিল ক্ষমা খুজিবলৈ দাবী কৰা আটছাৰ কৰ্মকৰ্তাৰ ওপৰত।
প্ৰদীপ নাগৰ এই কাৰ্যত এতিয়া জাঙুৰ খাই উথিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা। ইমানতে শান্ত নাথাকি প্ৰদীপ নাগ এজন তথাকথিত স্বয়ম্ভু নেতা, বিপিএফ আৰু বিজেপি এজেন আক্ষা আটছাৰ। কাৰণ আছাৰ সভাপতি প্ৰদীপ নাগে নিৰ্বাচনৰ সময়ত হেলিকেপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰ চলায়।