খঙত অগ্নিশৰ্মা ৰাম প্ৰসাদ শৰ্মা

 03/28/2019 - 17:20

তেজপুৰঃ  খঙত অগ্নিশৰ্মা হৈ আছে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা। ৰাম প্ৰসাদ শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দ্যেশি কয়, হিমন্ত বিশ্ব শৰ্মাই মোক অন্যায় কৰিলে। তেওঁ ভাবিলে আৰ পি শৰ্মা কুকুৰ পোৱালিক এক লাঠ মাৰি উৰুৱাই দিব কিন্তু আৰ পি শৰ্মা উৰি যোৱা মানুহ নহয়। মোক সোধা হ’লে মই স্বইচ্ছাই বাট এৰি দিলোহেঁতেন। দায়িত্বত থকা সাংসদ এজনৰ নাম নোযোৱা নিয়ম সংবিধানতো নাই।

হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰণজিৎ কুমাৰ দাসে সংবিধান পঢ়া নাই নেকি! কি দল চলাইছে তেওঁলোকে বুলিও প্ৰশ্ন তোলে শৰ্মাই। মোক সকলোৱে ভাল পায়। মোৰ লগত মিডিয়াৰ ভাল। মই সকলোৰে সৈতে মিলি থাকোঁ, হাঁহি-ফূৰ্তি কৰোঁ। মোৰ পদত্যাগৰ বাতৰিও দেশৰ সকলো সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কিন্তু মোক ভাল নাপায় কিছুমানে সেয়ে এনেদৰে মোৰ লগত প্ৰতাৰণা কৰিলে বুলি আক্ষেপ কৰে তেওঁ।

ইয়াৰ লগে লগে অগপ দলকো সমলোচনা কৰিবলৈ নেৰি তেওঁ কয় ৮৫৫ শ্বহীদ, হাজাৰজন পংগু আৰু অত্যাচাৰৰ লগতে অশেষ ত্যাগৰ বিনিময়ত জন্ম হোৱা অগপ দলটো ক্ষমতাৰ বাবেই তিনিবাৰ ভাগ হ’ল। ৰাইজে এই দলক আৰু বিশ্বাস নকৰে। অগপৰ লগত এতিয়া ৰাইজ নাই। বৰ্তমান অগপ দলতোটো নাইয়েই, অগপ দলৰ শিপাও নাই। জনতা যিহেতু লগত নাই, শিপা ক’ত থাকিব! ৰাইজৰ মতামত নোলোৱাকৈ কাম কৰিলেতো পতন হ’বই বুলি তেওঁ কয়। অসমৰ জনসাধাৰণ তথা সমষ্টিবাসী ৰাইজক জীৱনৰ শেষ সময়লৈকে সেৱা আগবঢ়াই যাব বুলিও সাংসদ ৰাম প্ৰসাদ শৰ্মাই মত প্ৰকাশ কৰে।
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।