কাকপথাৰৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি পলায়ন দুই প্ৰবন্ধক

 07/30/2019 - 17:59

 

কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা শেহতীয়াকৈ শাখা প্ৰবন্ধকে ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷ বেংকটোৰ কাকপথাৰ শাখাৰ তদানীন্তন প্ৰবন্ধক পূৰ্ণানন্দ ফুকন আৰু সহকাৰী প্ৰবন্ধক মাধুৰ্য মোহন দেউৰীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত মাধুৰ্য মোহন দেউৰী আৰু তেওঁৰ ভাতৃ ময়ুৰপ্ৰতিম দেউৰীৰ নামত বেংকটোত থকা যুটীয়া একাউণ্ট নম্বৰ 7338010052775 ত 5,72,853 টকা বেংকৰ ধন জমা কৰি পৰৱৰ্তী সময়ত সকলো ধন উলিয়াই আত্মসাৎ কৰে৷

গ্ৰামীণ বিকাশ বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইতিমধ্যে দুই পৰিচালকৰ বিৰুদ্ধে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ কাকপথাৰ আৰক্ষীয়ে 120(B)/409/34, 34/2019 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও প্ৰবন্ধকদ্বয় পলায়ন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে৷

বৰ্তমান কাকপথাৰ গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালকৰ দায়িত্বত থকা চিন্টু দাসে জনোৱা মতে দুয়োগৰাকী পৰিচালককে ইতিমধ্য চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয়ৰ পৰা গোটেই বিষয়টো তদাৰক কৰি থকাৰ কথা জানিবলৈ দিয়ে৷ বেংকৰ শাখা প্ৰবন্ধকে এইদৰে বেংকৰ ধন আত্মসাৎ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিনিচুকীয়া জিলাত৷ সম্প্ৰতি জানিব পৰা মতে পলাতক প্ৰবন্ধকদ্বয়ে আগতীয়া জামিনৰ বাবে চেষ্টা চলাই আছে৷

এনেদৰে বেংকৰ প্ৰবন্ধকে যদি বেংকৰ টকা আত্মসাৎ কৰি পলায়ন কৰে তেন্তে বেংকৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰাহকে কেনেকৈ নিজৰ কষ্টোপাৰ্জিত ধন বেংকত জমা ৰাখিব? কেনেকৈ বেংকত নিজৰ ধন নিৰাপত্তাৰ খাতিৰত জমা ৰাখিব সেই বিষয়ে প্ৰশ্ন কৰিছে বেংকৰ গ্ৰাহকে৷ সেয়ে এই দুজন প্ৰৱঞ্চক বেংক প্ৰবন্ধকৰ উচ্চিত শাস্তিৰ কামনা কৰিছে সচেতন মহলে৷

 

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।