দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ নেতা দুলু আহমেদক নিলম্বন

 07/30/2019 - 18:26

ডিজিটেল ডেস্কঃ নিলম্বিত হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুলু আহমেদ। দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত নিলম্বন কৰিলে কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনক। উল্লেখ্য যে ছচিয়েল মিডিয়াত মুকলিকৈ দলৰ কথা আলোচনা কৰিছিল দুলু আহমেদে।

লগতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনক গঁড় হত্যাকাৰী আখ্যা দিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে। ইয়াকে লৈ দুলু আহমেদক প্ৰদেশ কংগ্ৰেছে জাৰি কৰিছিল শ্ব’কজ। ২৯ জুলাইৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল দলে। মঙলবাৰে প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিলে দুলু আহমেদক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।