গ্ৰাম্য উন্নয়নৰ পুঁজি মোকলাই নিদিয়াৰ বাবেই জীয়াতু ভুগিছে গ্ৰামাঞ্চলৰ ৰাইজে

 07/30/2019 - 19:42

লংকাঃ মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰে গাঁৱৰ সৰ্বাংগীণ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও সকলো যেন ফুটুকাৰ ফেনতহে পৰিণত হৈছে। হোজাই জিলাৰ এটা অতি বিৰ্তকিত উন্নয়ন খণ্ড বিন্নাকান্দি উন্নয়ন খণ্ডত বিগত সময়ত যেন উন্নয়নৰ নমুনা তেনেই তাকৰ। উন্নয়ন খণ্ডটোৰ অধীনৰ বিভিন্ন পঞ্চায়তসমূহত বিভিন্ন আঁচনি প্ৰৱৰ্তিত কৰা হৈছিল যদিও প্ৰায়বোৰেই আধৰোৱা হৈয়েই থকাত দুৰ্ভোগ ভূগিবলগীয়া হৈছে ইয়াৰ ৰাইজসকল।

ইয়াৰ একমাত্ৰ কাৰণ হ’ল আৱণ্টিত পুঁজি মোকলাই নিদিয়াকৈয়ে আঁচনিবোৰ বন্ধ কৰি দিছিল সংশ্লিষ্ট খণ্ডটোত।যাৰবাবে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত বহু আঁচনি ৰূপায়ণ নোহোৱাকৈয়ে তেনেদৰেই পৰি আছে আধৰোৱা হৈ। একমাত্ৰ ফলকখনহে জিলিকি আছে। উন্নয়ন খণ্ডটোৰ অন্তৰ্গত কপাহবাৰী গাঁও পঞ্চায়ততো বহু লাখ টকাৰ আঁচনি আজিও ধন আৱণ্টনৰ অভাৱত পৰি আধৰুৱা হৈ ৰ’ল। ২০১৫-১৬ বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ এনে বহু আঁচনিৰ ভিতৰৰে কপাহবাৰীৰ পৰা পিৰবজাৰ জলসিঞ্চন নলালৈ পথ নিৰ্মাণৰ নামত ২১ লাখ ২৩ হাজাৰ টকা অনুমোদিত হয়।

কিন্ত অতি লক্ষ্যণীয়ভাৱে মাত্ৰ ৮ লাখ ২৯ হাজাৰ টকা মোকলাই দিয়েই আঁচনিৰ বাকী ধনৰাশি নিদিয়াকৈয়ে কাম বন্ধ কৰি দিয়া হয়।যাৰ বাবে পথ নিৰ্মাণো সৰ্ম্পূণ নহ’ল আৰু ৰাইজৰ যাতায়ত ব্যৱস্থাও সুচলৰ সলনি অচল হে হ’ল। এয়া মাত্ৰ এটা উদাহৰণহে। এনে অলেখ উদাহৰণ আছে উন্নয়ন খণ্ডটোৰ বিভিন্ন পঞ্চায়তসমূহত। সম্প্ৰতি স্থানীয় ৰাইজৰ মাজত ইয়াকে লৈ ৰাজনীতিও পৰিলক্ষিত হৈছে।

শাসকীয় দলৰ লগতে বিভিন্ন দলৰ নেতা-কৰ্মীৰ মাজত দোষ জাপি দিয়াৰ প্ৰতিযোগিতাও চলিছে। বিধায়ক আব্দুৰ ৰহিম খানৰ নামো সোমাই পৰিছে। এইক্ষেত্ৰত উন্নয়ন খণ্ডটোত স্তিমিত হৈ থকা উক্ত আধৰোৱা কামসমূহৰ ক্ষেত্ৰত বিভাগটোৰ মন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ দাবী উত্থাপন হোৱাৰ লগতে তদন্তক্ৰমে আধৰুৱা আঁচনিসমূহ সৰ্ম্পূণ কৰি সঁচা অৰ্থত গ্ৰামাঞ্চলৰ উন্নয়নৰ এখন প্ৰকৃত ছবি ৰাইজে দেখা পোৱাৰ আশা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।