কংগ্ৰেছৰ সাংসদ সঞ্জয় সিঙৰ কাইলৈ বিজেপিত যোগদান

 07/30/2019 - 19:42

ডিজিটেল ডেস্কঃ কংগ্ৰেছত খহনীয়া৷ কংগ্ৰেছৰ সাংসদ সঞ্জয় সিঙে কাইলৈ যোগদান কৰিব বিজেপিত৷ কংগ্ৰেছৰ দলীয় নীতিত অতিষ্ঠ হৈয়ে এই সিদ্ধান্ত সঞ্জয় সিঙৰ৷ কংগ্ৰেছ ত্যাগ কৰাৰ সন্দৰ্ভত সঞ্জয় সিঙে কয় ‘‘কংগ্ৰেছ দলৰ কৰ্মীৰ মাজত মিত্ৰতাৰ অভাৱ৷ নেতৃত্বৰ ক্ষেত্ৰতো কংগ্ৰেছ শূন্য৷ এই দল আগৰ কথাবোৰকে লৈ পৰিচালিত হৈ আহিছে৷ কোনো নতুনত্ব নাই৷ কোনো ভৱিষ্যৎ পৰিকল্পনা নাই৷’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ সঞ্জয় সিঙে কয় ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো শ্ৰেণীৰে উন্নতিৰ বাবে কাম কৰি আছে৷ সমগ্ৰ দেশবাসী নৰেন্দ্ৰ মোডীৰ লগত আছে৷ ময়ো বিচাৰো প্ৰধানমন্ত্ৰীৰ লগত থাকি দেশৰ উন্নতিৰ হকে কাম কৰিবলৈ৷ দেশৰ স্বাৰ্থতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ সিদ্ধান্ত মই গ্ৰহণ কৰিলো আৰু কাইলৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰিম৷’’ সঞ্জয় সিঙক আদৰিবলৈ বিজেপি দলত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।