প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ

 07/30/2019 - 20:19

বিহালীঃ আজি উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা শোণিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ইয়াৰ স্থায়ী সমাধান কৰাৰ দাবীত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। সংগঠনটোৱে কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰখন শোণিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰি অতি শীঘ্ৰেই এই জ্বলন্ত সমস্যাটোৰ স্থায়ী সমাধানৰ পোষকতা কৰিছে।

আজিৰ এই স্মাৰক পত্ৰ প্ৰেৰণৰ সময়ত উপস্থিত আছিল শোণিতপুৰ জিলা নেমছুৰ সভাপতি আজনুৰ হুছেইন, উপ-সভাপতি আজাদ শ্বাহ, গুলজাৰ হুছেইন, সাধাৰণ সম্পাদক ছাইদুল ইছলাম, সহকাৰী সাধাৰণ সম্পাদক আব্দুল কাদিৰ, শিক্ষা সম্পাদক নজৰুল ইছলাম, ক্ৰীড়া সম্পাদক নিজাম উদ্দিন আৰু বিশিষ্ট সমাজকৰ্মী মক্কেছ আলী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।