07/31/2019 - 15:48
in
খাৰুপেটীয়াঃ পাষণ্ড পুত্ৰই ঘপিয়াই হত্যা কৰিলে নিজ মাতৃ মেৰুজা বেগমক। মাতৃক হত্যা কৰি পুনৰ আক্ৰমণ কৰে নিজ পিতৃক। ফলত গুৰুতৰ ভাৱে আহত হয় পিতৃ আহম্মদ আলী। পুৱা ৯ মান বজাত প্ৰথমতে পুত্ৰ নুৰ ইছলামে পাকঘৰত কাম কৰি থকা মাতৃক দাৰে ডিঙিত ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে। গুৰুতৰ ভাৱে আহত মাতৃক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।
ইফালে গুৰুতৰ ভাৱে আহত পিতৃ আহম্মদ আলিক জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়। হত্যাকাৰী পুত্ৰ নুৰ ইছলামক ৰাইজে কৰায়ক্ত কৰি গতাই দিয়ে আৰক্ষীক। উক্ত জঘন্য কাণ্ড সংঘটিত হয় দৰঙৰ ধূলা থানাৰ অন্তৰ্গত ওঝাগাঁৱত। দিন দুপৰতে সংঘটিত জঘন্য কাণ্ড অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।