বৰপেটাৰ ফ্ৰেণ্ডচ ক্লাৱৰ উদ্যোগত মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ আৰ্থিক অনুদান প্ৰদান

 07/31/2019 - 16:36

বৰপেটাঃ এইবাৰৰ বানপানীত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বৰপেটা জিলা৷ জিলাখনৰ বহু লোক গৃহহাৰা হৈ এতিয়াও আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে৷

অন্ন, বস্ত্ৰ, চিকিৎসাৰ অভাৱত জুৰুলা হোৱা বন্যাৰ্তসকলৰ দুখত সমভাগী হৈ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আৰ্থিক অনুদান প্ৰদান কৰে বৰপেটা মুছলিমপট্টিৰ 'ফ্ৰেণ্ডচ ক্লাৱ এণ্ড লাইব্ৰেৰী’য়ে৷

ক্লাৱটোৰ তৰফৰ পৰা বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ ছয় হেজাৰ পাঁচশ টকাৰ এখন চেক প্ৰদান কৰে৷ চেক প্ৰদানৰ সময়ত ক্লাৱটোৰ সম্পাদক আতিকুৰ ৰহমান, মেহবুব গণি আৰু ইমদাদুল হুছেইন উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।