কয়াকুছি মহাবিদ্যালয়ৰ শিবিৰত থকা বানাক্ৰান্তৰ মাজত এনএছএছৰ উদ্যোগত পুৱাৰ জলপান বিতৰণ

 07/31/2019 - 17:27

বৰপেটাঃ শেহতীয়া বানে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত মানুহক যমৰ যাতনা ভোগাই থকাৰ মাজতেই বিভিন্ন বেচৰকাৰী সংস্থাই জৰুৰী খাদ্য যোগান ধৰি মানৱীতাৰ চৰম পৰিচয় দাঙি ধৰিছে। এনে সময়তে আজি কয়াকুছি মহাবিদ্যালয়ৰ চৌহদৰ শিবিৰত থকা বানাক্ৰান্তৰ মাজত নেছনেল ছাৰ্ভিছ স্কীম চমুকৈ এনএছএছৰ কয়াকুছি মহাবিদ্যালয় গোটৰ উদ্যোগত ৰাতিপুৃৱাৰ জলপানত শতাধিক পৰিয়ালক শ্লাইজ¸ বিস্কুট আৰু পানীৰ বটল আগবঢ়োৱা হয়।

উক্ত খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত কয়াকুছি কলেজ এনএছএছ গোটৰ ভাৰপ্ৰাপ্ত বিষয়া অধ্যাপক হান্নান আলী আহমেদ¸ ইংৰাজী বিভাগৰ অধ্যাপক গোলাপ হুছেইন খান¸ আমছুৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি মঃ তোতা মিঞা¸ কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদৰ লগত এনএছএছৰ ছাত্ৰ গোটৰ সদস্যসকল উপস্থিত থাকি সহযোগ কৰে। ছাত্ৰ-ছাত্ৰীৰ বানাক্ৰান্তক সহায়ৰ এনে প্ৰচেষ্টাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।