গোলকগঞ্জত ভূমি বিবাদত লোমহৰ্ষক হত্যাকাণ্ড

 03/28/2019 - 18:02

গোলকগঞ্জঃ গোলকগঞ্জত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। দীৰ্ঘদিনীয়া ভূমি বিবাদৰ ফলতেই সংঘটিত হৈছে এই হত্যাকাণ্ড। গোলকগঞ্জৰ দক্ষিণ টোকৰেৰছৰা গাঁৱত এডোখৰ মাটিক লৈ জয় কিশোৰ আৰু ৰাজু ৰবিদাস নামৰ দুয়োটা পৰিয়ালৰ মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হয়। বিগত ছয়মাহ ধৰি মাটিডোখৰক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত সংঘাত চলি আহিছিল আৰু বুধবাৰে এই সংঘাতে চূড়ান্ত ৰূপ লয়।

দুই পৰিয়ালৰ সদস্যৰ মাজত বুধবাৰে পুৱা ভূমি বিবাদত মাৰপিট আৰু হতাহতি লগাৰ পাছত জয় কিশোৰ আৰু পৰিয়ালৰ লোকে ৰাজু ৰবিদাসক শাৰীৰিক প্ৰহাৰ কৰাৰ লগতে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে। দাৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত ৰাজুক পৰিয়ালৰ লোকে ততাতৈয়াকৈ গৌৰীপুৰ নাৰ্ছিং হোমত ভৰ্তি কৰে যদিও আবেলিলৈ ৰাজু ৰবিদাসৰ মৃত্যু হয়। এই ঘটনা সংক্ৰান্তত ৰাজুৰ পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত জয় কিশোৰৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু গোলকগঞ্জ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে একো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।