সময়ত নাম দিয়া হলে খেল ৰত্ন পালো হয়: হৰভজন সিং

 07/31/2019 - 19:05

ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিক্ৰেট খেলুৱৈ হৰভজন সিংৰ নাম ৰাজীৱ গান্ধী খেল ৰত্নৰ পৰা খেল মন্ত্ৰালয়ে নাকচ কৰা পাছত ‍‌‌‌‌‌‌ক্ষোভিত হৈ পাঞ্জাব চৰকাৰক প্ৰশ্ন কৰে খেলুৱৈ গৰাকীয়ে। হৰভজন সিঙে ইউ টিউবৰ এটা ভিডিঅত প্ৰকাশ কৰে যে ২০ মাৰ্চত তেওঁ সকলো নথি পত্ৰ পাঞ্জাব চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

কিন্তু সময়ত সকলো নথি পত্ৰ জমা নিদিয়া বুলি অজুহাত দেখুৱায় পাঞ্জাব চৰকাৰে খেলুৱৈ গৰাকীৰ নাম খেল ৰত্নৰ পৰা নাকচ কৰে। হৰভজন সিঙে কয় যে তেওঁৰ বহু আশা আছিল খেল ৰত্নকলৈ কিন্তু তেওঁ হতাশ হয় পৰিছে বুলি ভি ডিঅটোত প্ৰকাশ কৰে। জানিব পৰা মতে পাঞ্জাব চৰকাৰে হৰভজন সিংৰ নাম ২৫ জুনতে প্ৰেৰণ কৰিছিল খেলুৱৈ সমিতিলৈ কিন্তু নাম প্ৰেৰণ কৰা অন্তিম দিন আছিল ৩০ এপ্ৰিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।