ৰকিবুল হুছেইনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ

 07/31/2019 - 19:20

গুৱাহাটীঃ কৃষক শ্ৰমিক উন্নয়ন পৰিষদ নামৰ সংগঠনটোৱে বুধবাৰে দুপৰীয়া ভাগত ৰকিবুল হুছেইনৰ বিৰুদ্ধে দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰে।

কৃষক শ্ৰমিক উন্নয়ন পৰিষদে দাখিল কৰা এজাহাৰত ৰকিবুল হুছেইন গঁড়ৰ অবৈধ চিকাৰত জড়িত বুলি স্পষ্ট ৰূপত উল্লেখ আছে।

উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাজহুৱা ভাৱে গঁড় হত্যাৰ অভিযোগ আনি ইতিমধ্যে দলৰ পৰা নিলম্বন হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।