কাকপথাৰঃ "মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া ভাবিব কোনেনো কোৱা"৷ ভূপেন দাৰ গীতৰ এই মহান কলি টি যেন বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিছে " "শদিয়ালৈ যাম দীঘল দলং চাম" খ্যাত গীতটোৰে অসমৰ সংগীত জগতত জনপ্ৰিয় হোৱা শদিয়াৰ সংগীত শিল্পী মহন্ত বুঢ়াগোহাঁইয়ে৷ শিল্পী গৰাকীয়ে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ বিগত এটা মাহে সমগ্ৰ অসমত প্ৰবল বানপানীয়ে ৰাজ্যৰ বহু কেইখন জিলাৰ ৰাইজক গৃহহীন কৰি জুৰোলা কৰি পেলালে ৷ সেইবাবে বানপিড়িত ৰাইজক কিঞ্চিত পৰিমানে হলেও সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে ৷
ইয়াৰ সমান্তৰালকৈ শদিয়াৰ জনপ্ৰিয় সংগীত শিল্পী মহন্ত বুঢ়াগোহাঁইৰ নেতৃত্বত শদিয়া পৰা ডিব্ৰুগড়লৈ এদল শিল্পীয়ে পথে পথে গীত গাই সংগ্ৰহ কৰিছে ধন তথা বানপিড়িত ৰাইজক প্ৰদানৰ হেতু বিভিন্ন সামগ্ৰী ৷ যোৱা ২৬ জুলাইত শদিয়াৰ পৰা আৰম্ভ কৰা এই সংগীত যাত্ৰাই তিনিচুকীয়া, ডিব্ৰুগড় দুয়োখন জিলাকে সামৰি লোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ অৰুনাচলৰ ৰয়িং, নামচাই, শদিয়া, কাকপথাৰ, ডাঙৰী, ডুমডুমা, ৰূপাই, ডিগবৈ, তিনিচুকীয়া, ডিব্ৰুগড় আদি বিভিন্ন ঠাইত অব্যাহত ৰাখিছে এই সংগীত যাত্ৰা৷
এই অনুষ্ঠানটোত শদিয়া, ডাঙৰী, কাকপথাৰ, তালাপৰ আছু, টাই আহোম সংগঠনৰ লগতে লক্ষীমপুৰ লোকসভা সমষ্টি যুৱ কংগ্ৰেছৰ সম্পাদক জুৱেল চিৰিংকে ধৰি কেইবাজনো সচেতন লোকে প্ৰত্যক্ষভাবে সহযোগ কৰিছে ৷ উক্ত অনুষ্ঠানটোত শদিয়া , ডাঙৰী , ছৈখোৱাৰ প্ৰায় এক ডজন শিল্পীয়ে পথে পথে গীত পৰিবেশন কৰি ৰাইজৰ পৰা সামগ্ৰী তথা ধন সংগ্ৰহ কৰিছে৷ আজি অন্ত পৰিব লগীয়া সংগীতৰ যাত্ৰাৰ অন্তত সংগ্ৰহ কৰা ধন তথা সামগ্ৰী সমূহ ধেমাজি জিলাৰ বানাক্ৰান্ত সকলক বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে৷ আমি অসমীয়াই যদি অসমীয়াৰ দূখ বুজিব নোৱাৰো তেন্তে বুজিব কোনে৷ শদিয়াৰ সংগীত শিল্পী সকলৰ এনে পদক্ষেপক নি-সন্দেহে শলাগিবলগীয়া৷