গুৱাহাটীত জব্দ ১.২৯৮ কিল'গ্ৰাম সোণ

 03/28/2019 - 18:04

গুৱাহাটী: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা সোণখিনিৰ ওজন ১.২৯৮ কিল'গ্ৰাম। আজি পুৱা ৭.৩০ বজাত ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত ১ নম্বৰ প্লেটফৰ্মত উদ্ধাৰ কৰা হয় সোণখিনি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সোণখিনি অনাৰ সন্দেহ কৰা হৈছে।

এটা পৰিত্যক্ত বেগত সন্দেহবশতঃ তালাচী চলাওঁতেই সোণখিনি উদ্ধাৰ কৰে ৰে'ল আৰক্ষীয়ে । ট্ৰলিবেগ এটাৰ চকা হিচাপে ব্যৱহাৰ কৰি লৈ অনা হৈছিল সোণখিনি। 

বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।