মানকাচৰৰ দিয়াৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰ

 08/01/2019 - 14:13

মানকাচৰঃ মানকাচৰ সমষ্টিৰ দিয়াৰা হাইস্কুলত বুধবাৰৰ দিনা সীমান্তৰক্ষী বাহিনীৰ তৰফৰ পৰা ছিভিক এক্সশ্যন প্ৰগ্ৰামৰ জৰিয়তে বিনামূলীয়া স্বাস্থ্য শিবিৰ, ঔষধ বিতৰণৰ লগতে মহিলা তথা গঞাৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰে। মানকাচৰৰ ৬ নং বিএন, বিএছএফে এক জনহিতমূলক কাৰ্য্য হিচাপে "ছিভিক এক্সশ্যান প্ৰগ্ৰাম"ৰ জৰিয়তে মহিলা তথা গঞাৰ মাজত বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতি সীমান্ত অঞ্চলৰ দুখীয়া নিচলা পুৰুষ, মহিলা, শিশুক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাই বিনামূলীয়া ঔষধ বিতৰণ কৰে।

পাথুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দিয়াৰা, বেপাৰী পাৰা, কলাবাৰী, ফকিৰপাৰা, ডমবুৰতোলা আদি সীমান্ত অঞ্চলৰ কেইবা শতাধিক দুখীয়া নিচলা পুৰুষ, মহিলা, শিশুক মানকাচৰৰ ৬ নং বি এন বিএছএফে স্বাস্থ্য পৰীক্ষা কৰাই ঔষধ বিতৰণ কৰে। মানকাচৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰেজাউল আলম, বাহাৰুল ইছলাম আৰু ৬ নং বি এন বিএছ এফৰ চিকিৎসক অভয়জয় সিঙে প্ৰায় পাঁচ শতাধিক দুখীয়া নিচলা পুৰুষ, মহিলা, শিশুৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ভাবে ঔষধ প্ৰদান কৰে। তদুপৰি সীমান্ত অঞ্চলৰ মহিলা-যুৱতীয়ে যাতে নিজকে স্বাৱলম্বী কৰি গঢ়িব তুলিব পাৰে তাৰ বাবে চিলাই মেচিন যোগান ধৰে। এনে মহৎ কাৰ্য্যৰ বাবে স্থানীয় ৰাইজে বি এ এছএফৰ ভূয়সী প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।