ৰহাঃ সমূহীয়া শৌচাগাৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৰহাৰ বাৰপূজীয়াস্থ কপিলী উন্নয়ন খণ্ডৰ বিৰুদ্ধে। নিম্ন মানৰ কাম কৰি ধন লুণ্ঠনৰ চেষ্টা বিষয়া, কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰৰ। অভিযোগ মতে মৰিগাঁও জিলা গ্ৰামোন্নয়ন অভিকৰণৰ পৰা বাৰপূজীয়া ষ্টেডিয়ামৰ সমীপত ৮লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সমূহীয়া শৌচাগাৰটো।
নিৰ্মাণৰ চোৱা-চিতাৰ দায়িত্ব কপিলী উন্নয়ন খণ্ডৰ। শৌচাগাৰটোৰ নিৰ্মাণৰ ঠিকা দিয়া হৈছে জনৈক বৰদলৈক। কিন্তু নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই ফাট মেলিছে ওৱাল। আনকি ভেটিৰ প্লিণ্টত মেলিছে বৃহৎ ফাট। দুৱাৰত লগোৱা হৈছে নিম্নমানৰ কাঠ। ৮লাখ টকীয়া সমূহীয়া শৌচালয় নিৰ্মাণৰ নামত এনে দুৰ্নীতি দেখি হতভম্ব হৈ পৰিছে স্থানীয় ৰাইজ।
অভিযোগ মতে কপিলী উন্নয়ন খণ্ডৰ বিষয়া কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰৰ গোপন বুজাবুজিৰ বাবেই এনে অনিয়ম সংঘটিত হৈছে। ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই শৌচাগাৰটো খহি পৰাৰ আশংকা কৰা হৈছে। সেয়ে শৌচালয়টো ভাঙি পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে।