যৌতুকৰ বাবে স্বামীয়ে পত্নীক হত্যাৰ চেষ্টা

 08/01/2019 - 15:06

লালুকঃ লখিমপুৰ জিলাৰ চিলনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত খ্ৰীষ্টান বস্তিত হৈছে এক জঘন্য ঘটনা। ছয় বছৰ পূৰ্বে বৰবাম পথাৰ গাঁৱৰ মুজিবুৰ ৰহমানৰ কন্যা মিনাৰা বেগমে চিলনিবাৰী খ্ৰীষ্টান বস্তি গাঁৱৰ আব্দুচ ছাত্তাৰৰ পুত্ৰ আতাবোৰ ৰহমানৰ লগত বিবাহ পাশত আবদ্ধ হয়। কিন্তু বিয়াৰ পিছৰে পৰা মিনাৰা বেগমক শহুৰ পৰিয়ালে যৌতুকৰ কাৰণে নানা ধৰণৰ হাৰাশাস্তি কৰি আহিছে। কিন্তু যোৱা ২৩ জুন তাৰিখে স্বামী আৰু শহুৰ-দেওৰে মিলি মহিলাগৰাকীক তাইৰ বাপেকৰ ঘৰৰ পৰা যৌতুকৰ টকা আনিবলৈ কোৱাত ভুক্তভোগী মহিলাই অস্বীকাৰ কৰে।

ফলত মহিলাগৰাকীক স্বামী পৰিয়ালে অমানুষিক অত্যাচাৰ কৰাৰ উপৰিও হাতে ভৰিয়ে বান্ধি প্ৰাণে মাৰিবলৈ চেষ্টা কৰাত ওচৰ চুবুৰীয়া মানুহে মহিলাগৰাকীক প্ৰাণ ৰক্ষা কৰে। উপাইবিহীন হৈ এই ভুক্তভোগী মহিলাই চিলনীবাৰি আৰক্ষী চকিত গোচৰ দিয়ে। কিন্তু ডেৰ মাহ পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে কোনো ধৰণৰ সঠিক বিচাৰ পোৱা নাই। যাৰ বাবে ভুক্তভোগী পৰিয়ালে আমাৰ প্ৰতিবিম্ব লাইভৰ জৰিয়তে প্ৰশাসনৰ পৰা সহায় বিচাৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.