বৰক্ষেত্ৰীত বিপদসংকুল চিলিঙৰ তলতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণ

 03/28/2019 - 18:26

মুকালমুৱাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ বামুন্দিট্টাৰী ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰীসকল যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদত পৰাৰ আশংকা কৰিছে। উল্লেখ্য যে বিদ্যালয়খনৰ দুয়োটা শ্ৰেণীকোঠাৰ চিলিং দুখনৰ অৱস্থা ইমানেই বেয়া যে যিকোনো মুহূৰ্ততে খহি পৰাৰ সম্ভাৱনাই দেখা দিছে।

দুডাল বাঁহেৰে ঠেকা দি থোৱা ভঙা চিলিং দুখনৰ তলতে বিদ্যালয়খনৰ তিনিকুৰি ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। বিদ্যালয়খনৰ এনে দুৰৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ লগতে শিক্ষকসকলকো। বিদ্যালয়খনৰ অভিভাৱকসকলে জানিবলৈ দিয়া মতে বতৰৰ ওপৰত নিৰ্ভৰ কৰিহে এতিয়া বিদ্যালয়লৈ পঠিয়াই নিজৰ সন্তানটিক।

কাৰণ কোন মুহূৰ্তত চিলিং দুখন খহি সন্তানৰ মূৰত পৰে ঠিক নাই। স্থানীয় লোকৰ দাবী শীঘ্ৰেই বিদ্যালয়খনৰ চিলিং দুখন মেৰামতি কৰি বিদ্যালয়খনৰ পৰা আঁতৰ কৰিব লাগে। মন কৰিবলগীয়া যে বামুন্দিট্টাৰী ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা বুলিবলৈ আছে মাত্ৰ দুটা কোঠা। এই দুয়োটা কোঠাতে বিদ্যালয়খনৰ পাঁচটা শ্ৰেণীৰ ৬০ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে একেলগে অধ্যয়ন কৰি মানুহ হোৱাৰ সপোন দেখিছে।

তদুপৰি বিদ্যালয়খনৰ শিক্ষকৰ বাবে নাই কোনো সুকীয়া জিৰণী কোঠা। বিদ্যালয়খনৰ শ্ৰেণীকোঠা দুটাৰ চুকত বহিয়েই দুজন শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক দিছে শিক্ষাদান। পাঠ দান চলি থকাৰ সময়ত সামান্য বতাহ আহিলেই বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠিয়াই দিবলগীয়া হয়। কাৰণ কোন মুহূৰ্তত বিদ্যালয়খনৰ শ্ৰেণীকোঠা দুটাৰ চিলিং খহি ছাত্ৰ-ছাত্ৰীসকলৰ মূৰত পৰে তাৰ কোনো ঠিক নাই।

বিদ্যালয়খনত সৃষ্টি হোৱা এনে আতংকময় পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ জীৱনলৈ নামি আহিছে চৰম ভাবুকি। ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ সৈতে হেতালি নেখেলি শীঘ্ৰেই বিদ্যালয়খনৰ গৃহ দুটা মেৰামতি কৰি বিদ্যালয়খনলৈ শৈক্ষিক তথা সুষ্ঠ পৰিৱেশ ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক দাবী জনাইছে অঞ্চলটোৰ বড়ো সম্প্ৰদায়ৰ লোকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।