আমগুৰিত পথ মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰিলে যুৱ সাংবাদিকে

 08/01/2019 - 15:27

আমগুৰিঃ আমগুৰিত যুৱ সাংবাদিকৰ মহান কৰ্ম। এটা শোচনীয় পথ মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰে যুৱ সাংবাদিকজনে। শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংস্থাৰ সম্পাদক মনোৰঞ্জন হাজৰিকাৰ প্ৰশংসনীয় কৰ্মক শলাগ লৈছে সকলোৱে। উল্লেখ্য যে উক্ত পথটো আমগুৰি পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ অন্তর্ভুক্ত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় সংযোগী এটা গুৰুত্বপূৰ্ণ পথ। স্মতব্য যে আমগুৰি পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ অন্তর্ভুক্ত ৰাস্তাটো ইতিমধ্যে বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ যাতায়াত ব্যৱস্থা ব্যাহত কৰি তুলিছিল।

জৰুৰীকালীন অৱস্থাটো পথটোৰে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা অধিক হোৱাত সচেতন যুৱক তথা সাংবাদিক মনোৰঞ্জন হাজৰিকাই নিজা গাঁঠিৰ ধন ভাঙি হাতে-কামে পথটোৰ মেৰামতিত লাগে। এই গুৰুত্বপূৰ্ণ ৰাস্তাটোৰ প্ৰতি আমগুৰি পৌৰসভাৰ মাহী আই দৃষ্টি হোৱাত সাংবাদিকজনে আক্ষেপ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে পৌৰসভাক মেৰামতি কৰিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।