নলবাৰীত বেংক অফ বৰোদাৰ সাহায্য প্ৰদান

 08/01/2019 - 15:45

নলবাৰীঃ ক্ৰমাৎ নলবাৰীৰ বান পৰিস্থিতি উন্নত হৈছে যদিও দুদৰ্শা আঁতৰা নাই বানাক্ৰান্তৰ৷ বানে তচনচ কৰা আপোন ঘৰখনত থিতাপি লবলৈ যথেষ্ট কষ্ট হৈছে বানাক্ৰান্তসকলৰ৷ প্ৰশাসনৰ সমান্তৰালকৈ বানাক্ৰান্তৰ কাষত থিয় হৈছে বহু অনুষ্ঠান প্ৰতিষ্ঠান৷ আজিও জিলাখনৰ সৰিহঁতলীৰ ৰিলিফ কেম্পত প্ৰায় ১২২টা পৰিয়ালক বেংক অফ বৰোদা নলবাৰী শাখাই সাহায্য প্ৰদান কৰে।

এই অনুষ্ঠানত নলবাৰীৰ বিধায়ক অশোক শৰ্মাও উপস্থিত থাকে। লগতে FINER নামৰ সংস্থাটোৱে ও গুৱাহাটীৰ পৰা আহি নলবাৰীৰ বাপুজী হাইস্কুল নামৰ ৰিলিফ কেম্পটোত প্ৰায় ২০০ টা পৰিয়ালৰ মাজত সাহায্য প্ৰদান কৰে। পৰৱৰ্তী সময়ত সংস্থাটোৱে উজনি অসমৰ বিভিন্ন স্থানত এই সাহায্য বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।